Sunday, April 16, 2017

হুঁ [পাতনি]

হুঁ

কবিতাক হেনো পাতনিৰ প্ৰয়োজন নাই। মিছা কথা। আচলতে কবিতাৰ পাতনি লিখা কামটো কঠিন বুলিয়েই তেনেকৈ কোৱা হৈ থাকে। স্থান-কালক বাদ দি একোৰে অস্তিত্ব নাই। আজিলৈকে কোনো মানুহেই আকাশৰ পৰা সৰি পৰা নাই। তেনেহ'লে কবিতা আকাশৰ পৰা সৰি পৰিব পাৰে বুলি কেনেকৈ মানি ল'ব পাৰোঁ? কবি আৰু শিল্পীক আচগুৱা ভুচুং পহু সজাই আধুনিকতাবাদী সমাজখনে যিমানেই দূৰলৈ খেদাই পঠিয়াবলৈ চেষ্টা নকৰক কিয়, তেওঁলোকো আনবোৰ মানুহৰ দৰে ঘাম আৰু চকুপানীৰে নিৰ্মিত। নিগনি, পঁইতাচোৰা আৰু এয়াৰটেলৰ বিজ্ঞাপনবোৰৰ দৰেই তেওঁলোকো এই সমাজখনৰে অংশ।

এইখন সংকলনৰ গুৰুভাগ কবিতা থিয়েটাৰী কবিতা। থিয়েটাৰ কথাটোক অসমীয়ালৈ ভাষান্তৰ কৰিবলৈ বৃথা চেষ্টা নকৰিলোঁ।

মানুহৰ নিৰ্মাণ হয়। জন্মৰ পৰা মৃত্যুলৈ, আৰু মৃত্যুৰ পাছতো বহুতো হাতে মানুহক নিৰ্মাণ কৰি গৈ থাকে। শংকৰদেৱক আমি আজিও নিৰ্মাণ কৰি গৈ আছোঁ। জ্যোতিপ্ৰসাদক নিৰ্মাণ কৰি গৈ আছোঁ। নিজকে অসমীয়া বুলি ভাবি থকা কেইজনমান মধ্যবিত্ত মানুহে নিজৰ সুবিধামতে নিৰ্মাণ কৰি গৈ আছোঁ আৰু আত্মতৃপ্তিত বুলিছোঁ - হুঁ।

পুৰুষ নিৰ্মিত হয়। নাৰী নিৰ্মিত হয়। জন্মতে শিশু এটা কেৱল শিশু।

এদিন এজন ভাৱৰীয়াই মেক-আপ কৰি উঠি আইনাখন তুলি ধৰি চালে। আৰু বুলিলে, হুঁ।

চৰম উত্তেজনাৰে এজন অভিনেতা মঞ্চলৈ উঠি গৈ স্পট লাইটটো জ্বলি উঠাত থমকি ৰ'ল। সন্মুখৰ দৰ্শক আন্ধাৰত নিমজ্জিত। হঠাৎ মনত পৰি গ'ল তেওঁ এজন অভিনেতা মাত্ৰ। অভিনেতাৰ ভিতৰৰ মানুহটো আৰু অভিনীত চৰিত্ৰটোৰ মাজত লক্ষ যোজন ফাঁক। হঠাৎ ভিতৰৰ মানুহটোৱে দেখিলে শাৰী শাৰী দৰ্শকৰ আসনত পৰম আকাংক্ষিত কোনোবা এজন নাই। উচ্চাৰিত হ'ল পৃথিৱীৰ আটাইতকৈ সংক্ষিপ্ত সংলাপ - হুঁ।

সাজ-পোছাক খুলি মঞ্চৰ পৰা নামি আহি নাৰ্চিছিষ্ট অভিনেতাজন মঞ্চৰ তলৰ নাটকখনৰ অংশ হৈ পৰিল। তাৰ পিছত ৰাতি শুব নোৱাৰে, উৰুখা চালৰ ফুটাৰে আকাশৰ তৰাবোৰে যেন অনবৰতে তেওঁলৈকে চাই থাকে। তামোল গছবোৰে আঙুলি জোকাৰি অভিশাপ দিয়ে। খ্ৰীষ্টোফাৰ মানৰ কাহিনীৰে মেফিষ্টো নাটকৰ হেনৰিক হফগেনৰ দৰেই কৈ উঠে - মই এজন অভিনেতা মাত্ৰ, মই নো আৰু কি কৰিব পাৰোঁ। অভিনেতাও নিৰ্মিত হয়। অভিনেতাক কোনে নিৰ্মাণ কৰে অভিনেতাজনে নাজানে। যেতিয়া অভিনেতাক নিৰ্মাণ কৰা হাতবোৰে; ৰাষ্ট্ৰ, সাম্ৰাজ্যবাদ, বৰ্ণ, জাত্যাভিমানৰ হাতবোৰে প্ৰতিদান বিচাৰি আহে নাৰ্চিছিষ্ট অভিনেতাই হাহাকাৰ কৰি উঠে, মই এজন অভিনেতা মাত্ৰ, সিহঁতবোৰে মোৰ পৰা আৰু কি বিচাৰে? হুঁ, এটা নিশ্বাসৰ বাহিৰে আৰু একো শব্দ মুখৰ পৰা নোলোৱা হয় অভিনেতাৰ।

হাওড়া ৰেল ষ্টেচনত হাজাৰ হাজাৰ মানুহ। আহিছে আৰু গৈছে। তুমুল মানুহৰ কোবাল ঢৌ। আমাৰ অভিনেতাজনে এফালৰ পৰা কাৰোবাক, কোনোবা বিশেষ এজনক বিচাৰি গ'ল, যাৰ বাবে তেওঁ নাটক কৰিব। এই চলি থকা নাটকখনত সকলোৱেই কোনোবা নহয় কোনোবা এটা ভাৱত ভাও দি গ'ল। অভিনেতাজনহে যেন বাদ পৰি গ'ল। দূৰৰ পৰা আলেঙে আলেঙে তেওঁলৈ চাই থকা কোনোবা আন এজনেও একেটা কথাকেই ভাবিছে, সকলোৱেই অভিনেতা, তেওঁহে কেৱল বাদ পৰি ৰ'ল। এই চলি থকা থিয়েটাৰখনত তেওঁৰ কোনো ভূমিকা নাই - এই কথা ভাবি দুয়োৰে মুখেৰে একেটা শব্দই ওলাল - হুঁ। সেইখিনিতেই তেওঁলোকৰ অভিনয়ৰ আৰম্ভণী হ'ল।

এনেবোৰ মুহূৰ্ততেই বাৰে বাৰে জন বাৰ্জাৰলৈ মনত পৰি যায়। মনত পৰে ৰিচাৰ্ড চিখনাৰলৈ। আৰু ভাবোঁ ইউজিনিও বাৰ্বাৰ কথা। সেইকাৰণেই বাদল চৰকাৰৰ আশী বছৰীয়া জন্মদিনলৈ কোবাকুবিকৈ ঢাপলি মেলিলোঁ।

কোনোবাদিনা হয়তো নামঘৰত থেউকি দি হৰেণৰো ভাগৰ লাগিছিল আৰু হুঁ বুলি 'নাট চোৱা' হৰেশ্বৰৰ কাণে কাণে কৈছিল - "থ আৰু হৰেশ্বৰ, আজিলৈ নাটখন সামৰ", হৰেশ্বৰৰ মুখেদিও ওলাইছিল একেটাই কথা - হুঁ।

এদিনাখন এখন শালনি বনত ৰঙা মাটিৰ মাজে মাজে গজি উঠা ঘঁহনিত আমি দুয়ো সূৰ্যোদয় চাইছিলোঁ আৰু আঙুলিৰে লিৰিকি বিদাৰি দুবৰি বন ছিঙিছিলোঁ। মই সুধিছিলোঁ, তই বোলে মোক ভাল পাৱ? তাই কৈছিল - হুঁ। তাৰ পিছত আৰু বহুত কিবা-কিবি, কথাৰ লেঠাৰি নিছিগা ধাৰ। চকুত মেঘে ওন্দোলাই অনা আহাৰ। তাৰ পিছত এদিন কথা হ'ল, আমি যেন আৰু একেটা শৰীৰৰ অংগ হৈ থাকিব পৰা নাই। তাৰ পিছত এটা হুমুনিয়াহ - হুঁ।

দেৱতা-দানৱে মিলি ব্ৰহ্মাদেৱৰ ওচৰত মিনতি কৰিলে, এখন দৃশ্য শ্ৰাব্যৰ পঞ্চম বেদ লাগে। ব্ৰহ্মাই বুলিলে - হুঁ। তাৰ পিছত ভৰত মুণিয়ে প্ৰায় দুহেজাৰ বছৰ ধৰি নাট্যশাস্ত্ৰ লিখিলে। ভৰত মুণি এজন মানুহ নহয়, কেইবাজনো মানুহ। কেইবাজনো হয়তো ঊনবিংশ শতিকাৰ। শ্ৰীকৃষ্ণ দহবাৰ পৃথিৱীলৈ আহিছিল। ৰাৱণ একেটা জন্মতে দহটা মূৰ লৈ আহিছিল। বাল্মিকীও এজন নাছিল। এজন আছিল ৰচয়িতা। আন এজন আছিল উত্তৰাকাণ্ডৰ অন্তৰ্গত নায়ক। জৰ্জ লুই বৰ্হেছে জানে কথাটো। মিশ্বেল ফুকোৱেও ক'লে - মই সদায়ে একেটা মানুহ হৈ থাকিবলৈ বাধ্য নহয়। হুঁ। অহংকাৰ নে অনুশোচনা নে হুমুনিয়াহ বুজি নাপাওঁ।

তেনেহ'লে কবিতাও যে নিৰ্মাণ নহয় কেনেকৈ মানি ল'ম? গোটেই জীৱন গেলা চহৰৰ মানুহৰ ঘামৰ গোন্ধৰ মাজত ঘানি ঘূৰাই থকা অসমীয়া কবিয়ে কিয় বাৰে বাৰে পথাৰ আৰু সেউজীয়াৰ দৰে কেইটামান শব্দৰ পাৰ্মুটেচন-কম্বিনেচন কৰি কৰি একেটা কবিতাকেই লিখি থাকে?

অসমীয়া কবিতা লিখাটো বৰ টান কাম। কবিতাত হেনো মাটিৰ গোন্ধ থাকিব লাগে। মোৰ কবিতাত নাথাকিবও পাৰে। বহুদিন মাটিত ভৰি থোৱা নাই। সুদা ভৰিৰে খোজ কাঢ়িলে ফিটাপেলুৰ ভয় থাকে। গৃহিণীয়ে ঘৰ সজোৱা আলোচনীবোৰত এনেবোৰ কথা প্ৰায়ে পঢ়িবলৈ পাওঁ। কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে। জানিবা আনবোৰ মানুহৰ নাথাকিলেও চলে। কবিতাত ফোকলোৰ ফোক কালচাৰৰ অনুৰণন থাকিব লাগে। পিছপৰা গাঁও এখনৰ মানুহবোৰ ফোক (folk)আৰু চহৰৰ খাটি খোৱা মানুহখিনি ফোক নহয়, এই কথাটো মানি ল'ব নোৱাৰিলোঁ। চহৰৰ ফোল কলচাৰো নিৰ্মিত। গাঁৱৰ ফোক কালচাৰো নিৰ্মিত। 'হুঁ' - এ ধ্বনিটো দুয়োটা কালচাৰতে বিদ্যমান।

কবিতাৰ শিৰোনাম কি হ'ব তাকে ভাবি ভাবি পাৰ নাপালোঁ। গলহেকাৰি এটাকে মাৰিলোঁ, ৰাইজ। হুঁ।

সমুদ্ৰ কাজল শইকীয়া
ইণ্ডিয়া


হুঁ
প্ৰকাশক/ মুদ্ৰক : আখৰ প্ৰকাশ
টি এন বৰুৱা মাৰ্কেট, শিলপুখুৰী, গুৱহাটী - ৩
প্ৰথম প্ৰকাশ : জানুৱাৰি, ২০০৯
বেটুপাত : সমুদ্ৰ কাজল শইকীয়া
মূল্য : ৪৫,০০ টকা



   

No comments:

Post a Comment