Friday, April 28, 2017

চহৰখনৰ কিবা এটা হৈছে (চনেট)

আজি চহৰখনৰ কিবা এটা হৈছে। গোটেইখন ৰঙতে ৰঙীয়াল। 
নঙঠা ডালত ভৰি ভৰি জুই হেন শিমলু ফুলিছে।
সুমথিৰা ৰঙৰ সৰা পাতখিলাতো ৰহন চৰিছে।
ট্রেফিক জামত বন্দী হৈ আছোঁ বহুপৰআমনি লগা নাই, সেয়ে ভাল

ইখন গাড়ীৰ পিছত উৰে এবাৰ সিখন গাড়ীৰ পিছত এবাৰ
সৰাপাত এখিলা। কি ঙে উতনুৱা! কিবা এটা হৈছে।
যমুনাৰো দুইপাৰ গোন্ধোৱা নাই আনদিনাৰ গতে  
মোৰো কিবা হৈছে হবলাচহৰখনক পাবলৈ আৰম্ভ কৰিছোঁ ভাল ।

পাঞ্জাবী ফেমিলীটোক অটোৰিক্সাখনে স্কুটাৰৰ পৰা বাগৰাই থৈ গ’ল। 
বাটৰ কাষৰ মানুহবোৰ আগবাঢ়ি আহি যতনে ধূলি মাকটিবোৰ জোকাৰি দিলে।
আনদিনাৰ দৰে আজি সেইখিনিতে কাজিয়া এখন দেখোন নালাগিল
“বেহেন চোদ, ইতনা ধূল...” বিহাৰী অটোৱালা এটাই হাঁচি এটা মাৰি লৈ নাক মচিলে,
ঘৰলৈ ফোন কৰি জানিব পাৰিলোঁ, আজি হেনো বৰষুণে কণিয়াইছিল।
ফাগুণৰ বৰষুণ! পার্বতীপ্রসাদলৈ মনত পৰিল, আজি ফাগুণৰ পূৱাবেলাতে। 


No comments:

Post a Comment