Friday, April 28, 2017

ন-পানী (চনেট)

সেইটি আছিল ফাগুনৰ কোনোবা এটি দিন।  
অকস্মাৎ উমান পাই বৰষুণৰ এজোলোকা  
খিৰিকী খুলি দিলোঁ। ধূলিয়ৰি মাটিত অধুনা
পানী পাই মুকলি হ’ল একোটা গোন্ধ নবীন। 

গাটো সিৰসিৰাই গ’ল। নিভৃতে গোপনে যেন  
পোৱা কোনোবা দুষ্ট প্রেমিকৰ প্রথমটি চুমা।
ঘর্মাক্ত গাৰ গোন্ধত বাঢ়ি অহা সঘন উষ্মা।
চুচুক চামাক এটা প্রথম দেৱাল লিখন।

মাটি আছে বাবেই আকাশ আছে, ডাৱৰ আছে   
সঁচা সঁচা, আছে মেঘৰ বুকুত বৃষ্টি টোপাল।
উদ্বাস্তু মেঘো মাটিয়ে টানে, বুকুতে শহ সাঁচে।
মাটি আছে বাবেই যে মানুহ ইমান জীপাল।
মাটিৰ মানুহ ঘূৰি মাটি হয়। অচিন ডাকে  -
মাটি পাহৰিলি কাণখোৱা। তোৰে পোৰাকপাল ! 
Image from: Pradyumna Kumar Gogoi

No comments:

Post a Comment