Friday, April 28, 2017

ডিছপোজেবল প্রেমৰ চনেট ২

[বেঞ্জামিন ৰোলাঁৰ কিতাপখন]

সিদিনা আমি মুকলি পথাৰখনৰ আলিত বৰষুণত তিতিছিলোঁ।
ধেৰেকনি মাৰোতে তই মোক জোৰেৰে সাবটি ধৰিছিলি। নহয়, ভুল।
আচলতে তই মোক জোৰেৰে সাবটি ধৰোতেহে ধেৰেকনি মাৰিছিল।
সেই তোৰ মুখৰ মাত বন্ধ হৈছিল, আমি শৰীৰেৰে কথা পাতিছিলোঁ।

চেঙেলীয়া ল’ৰাৰ দৰে ডাৱৰে আমালৈ চাই কিৰিলি পৰা শুনিছিলোঁ
তালগছৰ আঁৰে আঁৰে এটা চৰাই খেদা চঙে উকি মাৰি চাইছিল
কাষেদি পাৰ হৈ যোৱা ৰেলগাড়ীয়ে অসময়ত উকি এটা মাৰিছিল
ৰেলৰ কোনোবা যাত্রীয়ে আমাক দেখিবও পাৰে বুলি জানো ভাবিছিলোঁ?

আমি লাহে লাহে বুজিকে নোপোৱা হৈ আহিছিলোঁ কোনখননো জিভা কাৰ  
হাতবোৰ আমি এনেকৈহে আগবঢ়াই নিছিলোঁ যেন সিন্ধি খন্দা চোৰ
ইটো সিটোৰ দেহলে’ সোমাই গৈ এটা কৰি পেলাইছিলোঁ দুটা শৰীৰ 
সিদিনা বৰষুণৰ পানী, দেহৰ ঘাম, মুখৰ লেলাৱতী একাকাৰ
পঢ়িবলৈ অনা লাইব্রেৰীৰ কিতাপ বোকাৰে লুতুৰি পুতুৰি সিবাৰ
আজিও পঢ়া নহ’ল কি যে আছিল কিতাপখনত বেঞ্জামিন ৰোলাঁৰ। 

Artist: Divya Narang

No comments:

Post a Comment