গিৰিসকৈ উঠিল বাঁহনিৰ সিপাৰে
বিহু ঢোল
ঢিপিং কৈ মাৰিলে বুকু
ঢপলিয়াইছোঁহে ঢপলিয়াইছোঁ
বাঁহনিখনতো আৰু সাউৎকৈ পাৰ হ’ব নোৱাৰি
তোমাৰ নাচত হেনো পৃথিৱী কঁপে
তোমাৰ হাঁহিত হেনো মুকুতা সৰে
বাঁহনিখনহে পাৰ হোৱা নাই এতেপৰে
ঢপলিয়াই আছোঁ কেৱল জীৱনটো ওৰে
ঘিন খিত ঘিন খিত
ক’ৰ ল’ৰাহঁতে গায়
হাততে মলঙি যায়...
কাণখোৱা লৱৰে দিহিঙৰ গৰা খহাই …
No comments:
Post a Comment