জীয়াই থাকোঁ, নে নেথাকোঁ, সেইটোৱেই
প্রশ্ন;
নির্মম ভাগ্যৰ উপর্যুপৰি আঘাত সহ্য কৰি
যোৱাটোৱেই কাম্য
নে এসাগৰ সংকটৰ বিৰুদ্ধে খর্গহস্ত হোৱাটো?
আৰু বিৰোধিতা কৰি নিঃশেষ কৰি দিয়াটোঃ
মৃত্যু! মৃত্যু মানেই টোপনি মাথোঁ
আৰু একো নহয়; আৰু এটা টোপনিৰ নামেৰে আমি
সমাপ্তি ঘোষনা কৰোঁ
মষ্টিষ্কৰ জ্বালাতনৰ, মানৱিক জীৱন ভৰাই
ৰখা
সহস্র জাগতিক আঘাতৰ? আকুল প্রাণেৰে তাকেই বিচাৰোঁ,
- এটি সমাপ্তি। এক মৃত্যু কামনা, এক
নিদ্রা বাসনা।
টোপনি যোৱা মানেই হয়তো সপোন দেখা, এৰা,
এইখিনিতেই লাগে আউল,
এই মৰণশীল দেহ এৰি থৈ যেতিয়া গুছি যাম,
সেই মৃত্যুৰ টোপনিত কি সপোন বা আহিব
পাৰে,
ক্ষন্তেক ভবাই তোলে। এই দ্বিধা সংশয়ৰ
ফলতেই
সুদীর্ঘ জীৱন ধ্বংসস্তূপ হৈ উঠে।
নহ’লেনো কোনে সহ্য কৰে সময়ৰ বিদ্রুপ আৰু
নিৰন্তৰ বেত্রাঘাত,
দমনকাৰীৰ পীড়ন, অহংকাৰীৰ অৱজ্ঞা,
প্রত্যাখ্যিত প্রেমৰ যন্ত্রণা, লেহেমীয়া
আইনৰ বিড়ম্বনা,
কর্মচাৰীৰ ঔদ্ধত্য, আৰু অযোগ্য শাসকৰ
হাতত গুণীৰ নীৰৱ লাঞ্ছনা, কোনে সহে,
এপাত ছুৰিৰ আঘাততেই যেতিয়া
নিজকে শেষ কৰি দিব পৰা যায়? বোজাভাৰ কোনে
আৰু তোলে,
ঘর্মাক্ত শোচনীয় জীৱনত জীয়াতু ভূগি,
পিছে মৃত্যুৰ সিপাৰে থাকে কিবা এটা অজানা
আশংকা
সেই অজান দেশ যাৰ সীমনাৰ পৰা
কোনো যাত্রী উভতি নাহে কাহানিও, মনত অবুজ
সাঁথৰ,
যিটো একান্তই অজানা তাতকৈ যেন ভাল এয়েই
বুলি
যত দুর্দশা আছে জীৱনত তাকে সহি যাবলৈ
বাধ্য কৰে,
এনে চেতনা চিন্তাই আমাক সকলোকে কাপুৰুষ
কৰি তোলে,
আৰু এনেকৈয়ে চিৰায়ত সিদ্ধান্তৰ তীব্রতা
মষিমূৰ হৈ যায়, ভাৱনাৰ অনুষ্ণতাত,
মহৎ কর্মৰ আপুৰুগীয়া মুহূর্তবোৰ
এনেবোৰ কাৰণতে পৰিণত হয় শোচনীয় অৱস্থালৈ,
আৰু হেৰুৱাই পেলায় ক্রিয়া কর্তব্যবোধ।
মনে মনে থাকা এতিয়া।
অ’ মোৰ ধুনীয়া অ’ফেলিয়া? পৰী মোৰ, তোমাৰ
মিনতিত
মোৰ সমস্ত পাপ স্মৰণ হওক।
No comments:
Post a Comment