Friday, April 28, 2017

ধতুৰা ফুলৰ গ্রামোফোনত বর্ষাৰ গান (চনেট)

ধতুৰা ফুল গ্রামোফোনত বাজে বর্ষা গান 
বর্ষণগীত হল মুখৰিত মেঘমন্দ্রিত ছন্দে, 
ঈষৎ বেঙেনাবুলীয়া কণ্ঠ উজাৰি কলমৌ বন- 
কদম্ববন গভী মগন আনন্দঘন গন্ধে...  

শাম কাটিলেই নাৰাজ উদ্বাউল শ্রোতামণ্ডলী
ছন্দিত প্রাণৰ উৎসৱ আজি হওক অনর্গল। 
লাগে, লাগে, মাথোঁ আৰু লাগে, নিঃশেষ কৈ লাগে বুলি
জাউৰিয়ে জাউৰিয়ে উদ্ভ্রান্ত ভেকুলী কোর্হাল  

জীর্ণ শীর্ণ তৃণকায় শোক-বেথা মষিমূৰ কৰি
সাৰ অসাৰ নমনা অভিসাৰী অভিলাষী গতি
চৌদিশে যে। ক’লাকচুৰো চুবুৰি লুতুৰি পুতুৰি।    
নজৰত ৰাখে কোনে কাৰ আজি কেনে মতি গতি... 

উছৱে মজিছে গুজবে ৰটিছে কাণখোৱা তোৰ প্রেম
ৰাটি খহাদি খহি যে পৰিছে সাত শতৰুৰ ভেম !!   

Art: Mainao Mampi Das

No comments:

Post a Comment