১
মই এই ঘৰটোৰ পৰা বাজলৈ ওলাব নোৱাৰোঁ।
যদিহে সেয়া হৈ উঠে মই আৰু অভিনেতা হৈ
নাথাকিলোঁ দেখোন।
কেতিয়াবা মই ভাবোঁ,
মই নিজেই মোৰ এই ঘৰটোৰ ভিতৰলৈ
সোমাবকে নোৱাৰিলোঁ।
কথাবোৰ শুনি আপোনালোকৰ হাঁহি উঠিব
পাৰে,
কিন্তু এইবোৰ কথাই মোক সততে
ব্যতিব্যস্ত কৰি থাকে।
অভিনয় যদি শিল্প হয়,
মই মোৰ এই শৰীৰটোকেই এটা শিল্পকর্মলৈ
ৰূপান্তৰিত কৰোঁ,
আৰু আপোনালোকৰ সন্মুখত পৰিবেশণ কৰোঁ।
প্রিয় দর্শকবৃন্দ, চাওক, মোলৈ চাওক,
এই মুহূর্ততো মই তাকেই কৰি আছোঁহক।
এই মুহূর্তত মই মন গ’লেই বাহিৰলৈ
ওলাই যাব নোৱাৰোঁ,
কলাঘূমটি মাৰিব নোৱাৰোঁ।
চাহ একাপত সোহা এটা মাৰিবগৈ নোৱাৰোঁ।
৩
মোক কিনি লওক
কেতিয়াবা ভাবোঁ, যদি নাপিত হৈ
আপোনালোকৰ ছুলি কাটিব পাৰিলোহেতেন
আৰু তাকে কৰি টকা ঘটিব পাৰিলোঁহেতেন।
সীমিত সামর্থ্য মোৰ।
চিলা উৰুৱাব নাজানোঁ
গাড়ী চলাব নাজানোঁ
দোতাৰা বজাব নাজানোঁ
তোমাক নেদেখাকৈয়ে ইমান ভাল পাওঁ
দেখা পোৱাৰ পিছত কিমান ভাল পাম
নাজানোঁ
কবিতা লিখিব নাজানোঁ
এজন খেতিয়ক হোৱাই ভাল আছিল। নহ’লে
এজন কাপোৰৰ বেপাৰী।
উৎপাদিত সামগ্রী বেচি পইচা ঘটিব
পাৰিলোঁহেতেন।
মোক কিনক। কিনি লওক মোক। মই পণ্য।
ভাল হ’লহেতেন যদি মই এজন চিত্রকৰ
হ’লোহেতেন।
ছবি আঁকিলোহেতেন আৰু তাকে বেচি পইচা ঘটিলোহেতেন।
কিন্তু মই এজন অভিনেতা মাত্র।
মোৰ এই শৰীৰটোৱেই মোৰ শিল্পকর্ম।
মোক কিনি লওক।
মই পইচা ঘটিব বিচাৰোঁ।
মোক কিনি লওক।
মোৰ ঘৰ নাই যাক বেচি পইচা ঘটিব
পাৰোঁ।
মই ঘৰ এটা ভাৰালৈ লৈ বাস কৰিব
নোৱাৰোঁ।
ঘৰ এটা মই লৈ ফুৰোঁ এই দেহৰ মাজতেই,
সকলো সময়তে।
৪
মই এজন অভিনেতা
অভিনেতা এজন হোৱাৰ আগতেই মই এজন
দর্শক।
মই চাওঁ। মই চাব পাৰোঁ।
মই চোৱাটো জৰুৰী। আন মানুহবোৰে মোলৈ
চাই থকাটো মই চাব লাগে।
সেয়েহে, যদিহে মই এজন অভিনেতা,
মোৰ মাজতেই বহুতো দর্শক সোমাই আছে,
মোৰ ঘৰটোৰ মাজতে তেওঁলোকৰ বাস।
ফলত মোৰ খেলিমেলিখন লাগি যায়, মোৰ এই
ঘৰটোত কিমানজন মানুহ বাস কৰে!
মোৰ এই নিজৰ ঘৰটোৰ মাজতেই মই নিজকে
হেৰুৱাওঁ।
মোৰ ঘৰটোৰ মাজত ইমান মানুহৰ ভীৰ যে,
মই নিজে মোৰ এ ঘৰটোৰ ভিতৰলো সোমাব
নোৱাৰোঁ।
লালন ফকীৰলৈ মনত পৰে। কবীৰলৈ মনত
পৰে।
৫
মই বাহিৰলৈ সোমাওঁ, ভিতৰলৈ ওলাওঁ
মোৰ এই ঘৰটোত আৰু কোনোবা এজন থাকে
নেদেখোঁ। চুব নোৱাৰোঁ। মই চিনিকে
নেপাওঁ যাক।
চিনিকে নেপালেও তেওঁৰ দুখবোৰ যেন
বুজি পাওঁ।
ঘৰে ঘৰোৱা। কিন্তু লক্ষ যোজন ফাঁক।
তেখেতৰ নামত কেতিয়াও ডাকত চিঠি অহা
নাই
মই তেওঁৰ বিষয়ে একোকে নেজানিলেও
তেওঁৰ দুখবোৰ জানোঁ।
তেখেতৰ বাবে টেলিফোনটোৱে কাহানিও ৰিং
নকৰে।
তেওঁৰ কথা ভাবিয়েই সদায়ে বজাৰৰ পৰা
পাছলি অলপ বেছিকৈ আনোঁ।
তেওঁ ঘৰটোৰ বাজলৈ নোলায় দেখিয়েই ঘৰৰ
বাহিৰৰ পৰা
তলা মাৰি থৈ মই দূৰলৈ যাব নোৱাৰোঁ।
হাঁপানি বেমাৰীৰ দৰে তেওঁ গোটেই ৰাতি
শুব নোৱাৰে
মোৰো বাৰে বাৰে ঘুমটি ভাঙে, কি যে
কৰোঁ।
মই খোলত বোল দিলেই তুমি যে ভোৰতালযোৰ
তুলি লোৱা
মাজত ধৰি বেসুৰা ৰাগ দি থৈ যায় কোনে
তুমি ৰং বাকি দিলে মই তুলিকাৰে ছবিখন
আকোঁ
তাকে আকৌ নষ্ট কৰি থৈ যায় কোনে
মই তেওঁক বিচাৰিয়েই বাৰে বাৰে ভিতৰলৈ
সোমাওঁ বাৰে বাৰে বাহিৰলৈ
ওলাওঁ। সোমাওঁ আৰু ওলাওঁ আৰু সোমাওঁ
আৰু ওলাওঁ আৰু...
এনেকৈয়ে এটা সময়ত মই বুজিব নোৱাৰা
হওঁ, ভিতৰত আছোঁ নে বাহিৰতে
আছোঁ। মই বাহিৰলৈ সোমাওঁ, ভিতৰলৈ
ওলাওঁ।।
৬
ঘৰৰ ভিতৰত ঘৰ আছে
মৰমৰ,
ভিৰৰ মাজত মই তোমাক বিচাৰি ফুৰোঁ।
ঘৰৰ ভিতৰত ঘৰ আছে
ঘৰৰ ভিতৰৰ ঘৰটোৰ
ভিতৰত আৰু এটা ঘৰ আছে।
ঘৰৰ ভিতৰৰ ঘৰৰ
ভিতৰৰ ঘৰটোৰ ভিতৰত
আৰৰ এটা ঘৰ আছে।
ঘৰৰ ভিতৰৰ ঘৰৰ
ভিতৰৰ ঘৰৰ ভিতৰৰ ঘৰটোৰ
ভিতৰত আৰ এটা...
নাজানোঁ, কোনটো ঘৰত
তুমি আছা।
তোমাক বিচাৰি মই
ইঘৰলৈ সোমাওঁ, তুমি সিঘৰলৈ যোৱা।
মই সিঘৰলৈ সোমালে
তুমি যোৱা অন্য এটা ঘৰলৈ।
এনেকৈয়ে মোৰ দিন
পাৰ হয়।
আজি বহুদিন হ’ল মই
ঘৰলৈ সোমাব পৰা নাই
মই বাহিৰলৈ ওলাব
পৰা নাই।
কিমানটা ঘৰেৰে মোৰ
ঘৰটো সজা মই নাজানোঁ।
কোনেনো সাজিছিল
তাকো নাজানোঁ।
জানোঁ মাথোঁ ইয়াৰে
কোনোবা এটাত তুমি আছা।
তুমি আছা। অহৰহ
ক’ৰবাৰ পৰা
জুমি আছা।


No comments:
Post a Comment