বহুতো আশা লৈ
আপোনাৰ লগত কথা পাতিম বুলি গৈছিলোঁ
বহু কথা আছিল মনত।
আপোনাৰ সময় নাছিল অলপো।
আপোনাৰ খোজৰ পিছে
পিছে মোৰ ব্যাকুল এই চকুহালি
ঘূৰি ফুৰিছিল
আকুলি। কিমান যে কৰিছিল কাবৌ কোকালি।
মোৰ হাত কঁপিছিল।
মোৰ ভৰি কপিছিল। দুৰু দুৰু কঁপি উঠিছিল বুকু।
ওলাই আহিবলৈ নিদি
জোৰকৈ ধৰা চকুপানীয়ে ধূৱলি কৰিছিল চকু।
মনৰ ভিতৰৰ কথাবোৰ
বাজলৈ ওলাই আহিব নোৱাৰি ঘূর্মুটিয়াই ফুৰিছিল
নিজৰ মনৰ কোঠালিতে।
ইটো কথা সিটোৰ গাত খুন্দা খুন্দলি খাই জখম হৈছিল।
মাটিত বাগৰি আকৌ
নিজকে চম্ভালি লৈছিল সিহঁতে নিজকে। দায়িত্ববোধৰ পাঠ
সিহঁতক মই দিছিলোঁ।
আপোনাক যে কথাবোৰ ক’বই লাগিব, নাই সংশয় তাত।
সিহঁতবোৰ এনেকৈ
মৰিব নোৱাৰে। মোৰ পৰা আপোনালৈ বাৰু কিমানৰ বাট?
মোৰ পৰা ওলাই
আপোনাক চুবলৈ সিহঁতে যতনাই ৰাখিছে অমাতৰ মাত।
সময়ৰ কি পৰিহাস,
এসময়ত সিহঁত লেবেজান হৈছিল ভাগৰি ।
যেতিয়া মোৰ মনৰ
মাজতে মোৰ কথাবোৰ থাকি থাকি গুজৰি গুমৰি
এসময়ত শুকাই শেষ হৈ
থাকিল
আপুনি আহি মোৰ
সন্মুখত বহিল
আৰু ক’লেঃ
“ক”
এতিয়া মই কি কওঁ?
মোৰ হাত কঁপা নাছিল, বুকু কঁপা নাছিল
মনত উত্তেজনাও নাছিল। মোৰ মুখেৰে মাত ওলোৱা নাছিল।
No comments:
Post a Comment