Monday, July 15, 2013

দশমী ২০১২



ঐ জান, মই তোক বুজি নাপালোঁ,
সেইবুলি তয়ো মোক বুজি পাবলৈ চেষ্টা নকৰিবিনে?
আহ আজি বাটৰ কাষৰ দোকানত চাহ একাপকে খাওঁ,
হাতত পইচা নাই। চাহকাপৰ দাম তয়ে দিবিনে?

শতফুল ফুলা নদীৰ তীৰত আমি যে এটা ঘৰ সাজিছিলোঁ
সেই ঘৰ টো পাহৰণিৰ বানত গ’ল।
শিয়ালীৰ কাণ কাটি বাতি জ্বলাই আমি শুনা সাধুবোৰ
ধোঁৱাচাঙতে তেনেই উৱলি গ’ল।

শোৱাপাটীত আথালি পাথালি
তাৰ পিছতো ইমান আলাই আথানি
মাথোঁ চকুৰ পানী
সেয়াই অথাউনি

ঐ জান পূর্ণিমা নহ’লেও আজি জোনটো বৰকৈ জ্বলিছে
আজি দশমী। ৰাৱণ জ্বলাই মানুহবোৰ ঘৰলৈ ওভটিছে।
কাণখোৱাই বন্ধ ঘৰৰ খিৰিকীখন আজি আকৌ খুলিছে
বৰ বেয়া কথা হ’ল, এপাহি খৰিকাজাঁই হালিছে দুলিছে...

No comments:

Post a Comment