(বাতৰিঃ ব্রহ্মপুত্রও
শুকাই আহিছে)
কিমানটা ঢোলে একেলগে
গৰজিলে মেঘে ওন্দোলাই আনে
কিমানজনী নাচনীয়ে
একেলগে নাচিলে পৃথিৱীও কঁপে
কিমানখন শালৰ গৰকাৰ
চাবে ধূলিৰ ধুমুহা আনে
কিমানটা গগণা বা
একেলগে বালে বা-ত গছপাত সৰে
ডিলান, জানো, সকলোৱে
জানো, বতাহতে বাতৰি উৰে
যি বতাহত টাকুৰি ঘূৰে,
যি বতাহত নাচনী ঘূৰে
ঘূৰি মেৰপাক খায়,
মাথোঁ মেৰপাক খায়
পুঁজিপতিৰ আঙুলি ঘূৰে
কেইঘৰত ঢেঁকীয়ে খুবলি
খুন্দিলে মানুহ সাৰ পাই উঠে
হে’ৰ ককাই, অ’ ৰাংঢালী
বাই
তহঁত সাৰে থাকোতেই দেখোন
বৰলুইত শুকায়
No comments:
Post a Comment