বোলো অ’ বেলি, আজি অলপ দেৰীকৈ ওলাবি
মোক অলপ শুবলৈ দে
নির্জনতাৰ সাগৰত বুৰক গোটেইখন পৃথিৱী
শেষ হওক উশাহত লাগি থকা এঙেৰুৱা এঠা
ময়ো সমাধিস্থ হওঁ, সেই সমাধিত তেওঁৰ উশাহৰ ফুল
চৰাইবোৰ শুলে। মৌনতাৰ চাদৰ মেৰিয়াই গছবোৰ-
গছবোৰেও সামৰিলে পোহাৰি চুপতি
তেখেতলৈ যিমানবোৰ কথা মোৰ সাঁচি থোৱা আছিল,
সকলো শেষ। তেখেত উভটি আহিব বুলি সাঁচি থোৱা চকু দুটা
কাউৰীয়ে আটাইতকৈ আগতে খালে।
বাচি ৰ’ল মাথোঁ গেলা পঁচা মঙহ।
যাক,
এতিয়া সিবোৰ কথা
থাক।
এক্ষন্তেক মৃত্যুকামনা মোৰ তৃপ্ত কৰা, অ’ বেলি
মৃত্যুৱেহে দিব মোক নতুন জীৱন
No comments:
Post a Comment