Monday, July 15, 2013

সপোন কথা (পদ্য)




সপোন দেখিবলৈ ভয় কৰা মানুহৰ ৰাজ্যখনত 
এবাৰ সপোনৰ ফেৰীৱালা এটা ফেৰী কৰিবলৈ সোমাল।  
আৰু তাৰপিছত? ৰাজ্যখনত কি হ’ল তাৰপিছত?  

সি সপোনবোৰ বিনামূল্যে দিবলৈ ল’লে, ৰাজ্যখনত 
সপোন কিনিবৰ জোখাৰে সামর্থ্য মানুহবোৰৰ নাছিল।  
আৰু তাৰপিছত? ৰাজ্যখনত কি হ’ল তাৰপিছত?  

নুসুধিবা, কোনেও নাজানে কি হ’ল ঠিক তাৰপিছত    
এশ এটা বন্দুকৰ গুলিত থকা সৰকা মানুহটো ঢুকাল   
মানুহবোৰে পঢ়িলে পুৱাৰ বাতৰি কাকতখনত। 

No comments:

Post a Comment