Monday, July 15, 2013

ক (৫)

(কাণখোৱা ভার্ছেজ মনবৰাগী)


কাণখোৱাই দুৱাৰ ঘৰ বান্ধে আঁটি আঁটি
মনবৰাগীয়ে সিন্ধি খন্দা চোৰক আনে মাতি।।

কাণখোৱাই ফুটগোধূলিতে লয় শোৱা পাটী
মনবৰাগীয়ে বন ঘোষাফাকি জুৰে ওৰে ৰাতি।।

মনবৰাগীৰ কথা শুনি কাণখোৱাৰ বিলাই
যাৰ সমুখতে মুখ খুলে, সিয়ে ধৰি কিলায়।
মনবৰাগীয়ে সাধৰ কাপোৰ ফালি ফালি যায়
কাণখোৱাই পিৰালিতে তাকে বহি বহি চিলায়।।

কাক কওঁ কোনে পতিয়াব
যাকে কও সিয়েই লঠিয়াব
এবেলি এহেলৈ আহি ক'লে মনবৰাগীয়ে-
ক কাণখোৱা ক
চকুৰ পানীত উটিল কাণখোৱাৰ কথা
- এহ্‌ একো নহয় থ!!


No comments:

Post a Comment