Monday, July 15, 2013

ডিছপোজেব্‌ল সূর্য ৪



          हिरण्मयॆन पात्रॆन सत्यस्यापिहितं मुखम्
          तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टयॆ
হিৰণ্ময়েন পাত্রেন সত্যস্যাপিহিত মুখম।
তৎ ত্বম্‌ পুষন্নপাবৃণু সত্যধর্মায় দৃষ্টয়ে।।

এটা হিৰণ্ময় পাত্রৰ কথা সকলো কবিয়ে কয়।
ঊপনিষদৰ কবি, সেই প্রথম, পৰম সত্যৰ সন্ধান কৰি
মুখামুখি হৈছিল সেই পাত্রৰ হিৰন্ময়।
আৰু কবিয়ে দোহাৰিলে- নৱকান্ত, নীলমণিকে ধৰি।

উন্মুক্ত কৰা সেই পাত্র
মই
এক নিঃকিণ কবি মাত্র

কিন্তু যে সি প্রতিদিনৰ
নিছক নির্ধাৰিত কিছু প্রহৰৰ
পাত্রতেই আধাৰ, আধাৰতেই তাৰ সাৰ
মুখাতেই মুখ তাৰ

নিজতে নিজেই জ্বলি
জগত ৰাখে উজালি
কাইলৈ আকৌ জ্বলিব, আজিও জ্বলিছিল,
যেনেকৈ জ্বলিছিল কালি

No comments:

Post a Comment