সন্ধিয়া বাঁহলৈ ওভতা ফেচুলুকা চৰাই দুটাই কি কথা পাতে
কি কথা পাতি সিহঁত ইমান চঞ্চল? ইমান উতনুৱা?
সন্ধিয়া বাঁহলৈ ওভতা বগলী জাক ইমান গম্ভীৰ কিয়, সিহঁতে
কি কথা লুকুৱাই ৰাখিব খোজে? অবাক হয় কাণখোৱা।
মনবৰাগীৰ ৰাগীত হৈ জলাকলা
আজিহে গম পালোঁ কথাষাৰ,
সিহঁতেই আঁৰি থৈ আহে হ'বলা
তৰাফুল বছা চন্দ্রাতপখন সন্ধিয়াৰ
আকাশত চাং পাতিব জনা চৰাই সিহঁত
ৰাতিটোলৈ পাং পাতিব জনা চৰাই।
বহু পলমকৈ কথাষাৰ বুজিলে দুৱাৰত
দাং পাতিব জনা কাণখোৱাই।
No comments:
Post a Comment