দিনৰ দিনটো পর্যমানে ব্যৱহাৰ কৰাৰ পিছত যেতিয়াই
সুর্যটো অৱশ হৈ ৰঙা পৰি আহে
পৃথিৱীখনে সূর্যটোক ডিছপোজ কৰি পেলায়
যিয়ে য’তে পাৰে দলিয়াই আহে।
তেজপুৰৰ প্রেমিকবোৰে ভোমোৰাগুৰিৰ ব্রহ্মপুত্রত
পটপৰগঞ্জৰ মজদুৰবোৰে যমুনাৰ সিপাৰে
কণ্যাকুমাৰীৰ মাছমৰীয়াবোৰে ভাৰতমহাসাগৰত
ফাটেহগঞ্জৰ অটোৱালাই বিশ্বামিত্রীৰ সিপাৰে
নষ্ট কৰি পেলাই থৈ অহা সুর্যটোৰ বাবে
ৰাতিটোৱে উচুপি থাকে। বুজি নাপাওঁ
চাহ খাই পেলাই দিয়া প্লাষ্টিকৰ কাপটোৰ বাবে
আমিতো বেজাৰ নকৰোঁ কেতিয়াও!
No comments:
Post a Comment