এইখিনি ঠাইলৈকে উভটি আহিম বুলি কৈছিলি।
সেই আশাৰেই সেইখিনি ঠাইতেই পৰ দি থাকিলোঁ গোটেই দিন।
বেলি ভাটি দিলে। মেলা বজাৰ সামৰ খালে।
অৱশেষত তই আহিলি, দুয়ো খোজ ল’লোঁ।
তোৰ জোতাৰ ফিটা খোল খালে, তই চাপৰিলি, মই দুখোজ আগুৱাই
গ’লোঁ।
তই মাত দিলি- ৰ চোন হে’ৰ, মোৰ বাবে আলপ পৰ ৰ’ব নোৱাৰ নে?
মই নৰ’লোঁ। আগবাঢ়ি গৈ থাকিলোঁ। বাটতে কাণখোৱাক পৰুৱাই পালে।
No comments:
Post a Comment