Monday, July 15, 2013

ক (৬)

[ক ফাগুণ]


বে-চৰম ফাগুণে গা-তে গা ঘেলাই বা-তে বা লগাই গ'ল
ছেদেলি ভেদেলি হৈ পৰি থাকিল কাণখোৱাৰ চোতাল।

ফাগুণ আহিছিল আজি দুনাই
মোৰ চোতালত পাত সৰুৱাললৈ

কাণখোৱাও নোহে কম, থাপ মাৰি ধৰিলে হাত।
কাণখনতে চেঁপা মাৰি সুধিলেঃ ক,
ক ফাগুণ, তই কাৰ এজেন্ট, কাৰ ভৃত্য, কাৰ দূত,
কাৰ আদেশ মানি তই কি কাম কৰ?

ফাগুণে কাঢ়িলে সৈ
আহিছিল সি মোৰ ভৰা পথাৰত দিবলৈ মৈ
মনবৰাগীৰ কথা শুনিছিল সি
ফাগুণ আহিছিল কাণখোৱাৰ ঘৰ ভাঙিবলৈ।।


No comments:

Post a Comment