[ক ফাগুণ]
বে-চৰম ফাগুণে গা-তে গা ঘেলাই বা-তে বা লগাই গ'ল
ছেদেলি ভেদেলি হৈ পৰি থাকিল কাণখোৱাৰ চোতাল।
ফাগুণ আহিছিল আজি দুনাই
মোৰ চোতালত পাত সৰুৱাললৈ
কাণখোৱাও নোহে কম, থাপ মাৰি ধৰিলে হাত।
কাণখনতে চেঁপা মাৰি সুধিলেঃ ক,
ক ফাগুণ, তই কাৰ এজেন্ট, কাৰ ভৃত্য, কাৰ দূত,
কাৰ আদেশ মানি তই কি কাম কৰ?
ফাগুণে কাঢ়িলে সৈ
আহিছিল সি মোৰ ভৰা পথাৰত দিবলৈ মৈ
মনবৰাগীৰ কথা শুনিছিল সি

No comments:
Post a Comment