Monday, July 15, 2013

বলিয়া ডিছপোজেবল (১)

(ভূপেন হাজৰিকাৰ মৃত্যুত)

কোনো গুৰু গোঁসাই নমনা বলিয়া ল'ৰাটো গ'লগৈ
কলমৌ ঠাৰিৰে পেঁপাটি বজাই...

হে'ৰ ককাই, ' ৰাংঢালি বাই,
জংলী যাযাবৰ সেই বলিয়া ল'ৰাটো গ'লগৈ
ধিন দাও বুলিয়েই বলিয়া গ'লগৈ

'লৈ গ'লিগৈ বলিয়া, কোন অদেখাৰ দেশ সেইখন
ব্রহ্মপুত্র হয় নে তাত বহ্নিমান?
আছেনে তাত অমাতৰ মাত, ইনায়নে বিনায়নে কুলি কেতেকীয়ে
ঢাক ঢাক ঢাক ঢাক বজায়নে জাক জাক ঢাকিয়ে?
বিয়ানাম গায়নে ঝিলীয়ে সৰুদৈ সৰুকণৰ বিয়াত?  
অনামিকা গোস্বামী আৰু প্রশান্ত দাসৰ সংসাৰ সুখৰনে তাত  
হাতীৰ মাহুতৰো নিজা ঘৰ এখন আছেনে তাত?

শৰতক ভালপোৱা দুৰন্ত তৰুণে শৰতৰ বিয়লি বেলাতে
মিলন মেলা মেলানি মাগিলে।
এটুকুৰা আলসুৱা মেঘ নিৰিখি নিৰিখি আঁতৰি গ'ল মহানগৰীৰ যক্ষ

হেজাৰ জনৰ হেজাৰ শৰাই পায়ো
কোনোবা বিশেষ এজনৰ মৰম বিচাৰি বলিয়া গ'লগৈ।
আজান দেউ চাহেব কোন বেহেস্তলৈ যায় তাকে চাবলৈ
বলিয়া গ'লগৈ। ৰঙৰ খনি বিচাৰি বিচাৰি ল'ৰাটো গ'লগৈ।
পখিলা পাখিৰে পাল তৰি ইকৰা পাতৰে নাওখনি বাই
বলিয়া গ'লগৈ

আমাক সৰজিলে কণাজন বিধতাই
গোবৰ মাটি মিহলি কৰি হে ধিন দাও
কুৰুলি কোবাওঁ মথুৰা হাটলৈ যাওঁ

...হে ধিন দাও বুলিয়েই বুলি ক'লৈ জানো গ'লগৈ

ভালেই হ'ল দে।
এটুপি চকুলোৰে কি দাম দিম? চিতাৰ কাষত কি সঁহাৰি দিম।

ভালেই হ'ল দে,
এতিয়া আৰু মোৰ ঘৰটো ভাঙিবলৈ কোনো নাই। ল'ৰাটো গ'লগৈ।
গুপুতে গুপুতে আলিংগনৰ খেলা বেয়া পোৱা,
যৌৱনত পাপ নাথেকে বুলি,
নেলাগে আৰু দেখুৱাব আজি শালীনতা শৃংখলা বুলি,
দেহ ৰন্ধ্রে ৰন্ধ্রে শিহৰণ তোলা বেয়া কথাবোৰ ক'বলৈ আৰু কোনো নাই।
'ৰ উৰণীয়া মৌ ক'লৈ জিৰণি বিচাৰি গ'ল তাত আমাৰ কি সকাম!
মোৰ মন বাঘ আজি বাঘ হৈয়েই থাকক, দেশৰ কথা দহৰ কথা ভাবি
মই এজনী অসহায় চৰাই হওঁ কিয়? ভালেই হ'ল দে।

ভালেই হ'ল দে। এতিয়া আমি শান্তিৰে শুব পাৰিম।
বলিয়া গ'লগৈ।

বলিয়া ডিছপোজেবল। 





No comments:

Post a Comment