Monday, July 15, 2013

ক (৩)

(ক কাণখোৱা)


মানুহৰ মুখৰ কথাই কষ্ট দিলে যিমান
আৰু একোৱেই মোক দিয়া নাই সিমান
ক ক বোলোতেও কাণখোৱাই মুখ নুখুলিলে
ক'বলগীয়া কথাখিনি নিৰৱতালৈ থ'লে।।

কি কথা কেনেকৈ কেতিয়া ক'ব লাগে কবীৰা
নুবুজি এঘৰীয়া হ'ল কাণখোৱা।
কাণখোৱাই আৰু মুখ নোখোলে এতিয়াৰে পৰা
পদূলিমুখতে ৰৈ থাকিল লৈ পাণ গুৱা।।

মনফকীৰা আহিছিল সিবেলি
দিলে কাণখোৱাই দুৱাৰ মেলি -
এপোৱা অভিমান, এপোৱা ভেম
ধূৰ্ কাণখোৱা! তোৰো যে আৰু প্রেম...


No comments:

Post a Comment