Monday, July 15, 2013

তোমালোক যে ইমান ভাল


[হাবি চিকুনাই যতন কৰা মুখৰ কথা নহয়।
জানানে যতনাবলৈ গৈ কিমানবোৰ তোমালোকে
পুলিয়ে পোখালিয়ে উঘালিলা?]

কেনে আছা বুলিলে ভাল বুলিবৰ যন্ত্রনা খিনিক এতিয়া কি নাম দিওঁ?
কলিজাটোক হাতৰ মুঠিত বান্ধি লৈ জীও।

তোমালোককনো দোষ কেনেকৈ দিওঁ
তোমালোক যে ইমান ভাল। পুৱা শুই উঠি কামলৈ যোৱা।
বাটত লগ পালে সম্ভাষণ দিয়া, ভাল ভাল কথা কোৱা,
ভাল ভাল কাম কৰা, ভাল ভাল পোছাক পিন্ধা

সংস্কৃতিৱান হোৱাটো ভাল,
সেয়েহে সন্তানটিক স্কুটাৰত উঠাই মিউজিক স্কুললৈ নিয়া
দেশপ্রেম ভাল হেতুকে ইণ্ডিয়াৰ ক্রিকেট খেলৰ খবৰ ৰাখা
দৈনিক বাতৰি কাকত কিনা,পঢ়া, মাহেকৰ মুৰত
কেজিৰ দৰত বেচি দিয়া

পূৱা গোধূলি নামঘৰত লোৱা নাম,
ভাল ভাল সামাজিক অনুষ্ঠানক নিজগুণে দান বৰঙণি দিয়া
তোমালোক যে কিমান ভাল, নিৰহ নিপানিকৈ পৰিয়ালৰ যত্ন ৰাখা,
আদর্শৰ কথা কোৱা, শুনা, সভা সমিতিত
সুন্দৰকৈ মন্তব্য দিয়া

কেনে আছা বুলিলে ভাল বুলিবৰ যন্ত্রনা খিনিক এতিয়া কি নাম দিওঁ?
কলিজাটোক হাতৰ মুঠিত বান্ধি লৈ জীও।

তোমালোককনো দোষ কেনেকৈ দিওঁ
তোমালোক যে ইমান ভাল। তোমালোকে সম্প্রীতিৰ কথা কোৱা।
অনৈক্যৰ মাজত ঐক্যৰ কথা কোৱা, দেশৰ কথা কোৱা,
কোৱা প্রগতিৰ কথা, কোৱা সুন্দৰৰ কথা
বিভিন্নতাক পাহৰি আমি তোমালোকৰ দৰে কথা কবলৈ শিকোঁ
ভেদাভেদ পাহৰি আমি এক হবলৈ চেষ্টা কৰোঁ
তোমালোক যে কিমান ভাল। আমি দেশৰ কথা শুনিবলৈ লওঁ।
আমাৰ গীত মাত আমাৰ সাজ পাৰ
তোমালোকে আরু সুন্দৰকৈ সজাই পৰাই তোলা।

তোমালোক যে কিমান ভাল।
তোমালোকৰ ভালবোৰ দেখি আমি তোমালোকৰ ভালবোৰ শিকি
আমি তোমালোকৰ দৰে ভাল হবলৈ চেষ্টা কৰোঁ

কেনে আছা বুলি সুধিলে, ভাল বুলি কওঁ। মুখত হাঁহি।
বুকুত জ্বলি থকা জুইকুৰা আমি কাকো নেদেখুৱাওঁ।

No comments:

Post a Comment