জন্তৰ মন্তৰ
মানেই
মত মতান্তৰ
সমাবেশ মানুহৰ দূৰ প্রান্তৰ
দাবী দাবীদাৰৰ ভীৰ
জন্তৰ মন্তৰ
মানেই
দেশ আৰু অথন্তৰ
কোন কাৰ পক্ষত
কোন কাৰ লক্ষ্যত
(অলপ অবান্তৰ-
নৈশ যাপনত কোন কাৰ কক্ষত)
জন্তৰ মন্তৰ
অবাধ নবিচ বন্ধ অফিচ
ভোক, ফুলৰি, ৰ’দ, ভিকিৰি,
ইফালে পুলিচ সিফালে পুলিচ
জন্তৰ মন্তৰ
মানেই
শ্লোগান নিৰন্তৰ
বাদ থাকিলেই বিবাদ লাগে
উঠে প্রতিবাদ
বিসম্বাদে বাদ পৰি ৰয়
প্রেমৰ সম্বাদ
মাথোঁ বাচি ৰয়
জিন্দাবাদ আৰু মূর্দাবাদ
অমুক দাবী তমুক দাবী
দাবী আৰু দাবী
কিমান জোৰে চিঞৰিলে
দাবীবোৰ পাবি
জন্তৰ মন্তৰ
মানেই
বর্ণ সঙ্কৰ
ভান ৰিক্সা ট্রাক আৰু
আছে মটৰ বাইক
চিঞৰ বাখৰ লগাবলৈ
আছে তোমাৰ মাইক
ইয়ো বোলে কমৰেড সিও বোলে কমৰেড
কিমান ভাষাত কিমান সুৰত একেখনি বেদ
জন্তৰ মন্তৰ
মানেই
চিঞৰ বাখৰ
মৰি মৰি জী থকাৰ অথবা
জীবৰ বাবে মৰাৰ কথা
জন্তৰ মন্তৰ
মানেই
বেহুলা লখিন্দৰ
জন্তৰ মন্তৰ
মানে
বাজীমাৎ- ফু মন্তৰ !!!
No comments:
Post a Comment