Monday, July 15, 2013

বলিয়া ডিছ্‌পোজেবল (২)



তই এতিয়া আটাইতকৈ গুৰুত্বপূর্ণ ইউ এচ পি
তোৰ নাম নল’লে বজাৰ মন্দা
পোক ধৰা শাক পাছলিবোৰ থ’লোঁ থাপি থুপি
তোৰ নামেৰে সজালোঁ বালিছন্দা

তোৰ নামৰ আলাহ উছাহত
আমি পাহৰিলোঁ কিমান ঘৰত
জুই দিয়া হ’ল বছৰটোত
কিমান ঘৰ গ’ল খহনীয়াত

ভালেই হ’ল দে, আজি তই নাই
পাহৰণিয়ে সাৰ মোৰ কজলা দিনৰ
কমলাকান্তৰ দেশৰ মানুহ বুলিয়ে কওঁ
উলঙ্গৰ দেশত কাম কি ধোবাৰ?

তোৰ হিয়াৰ আমঠু মহাবাহুক
ধৃতৰাষ্ট্রৰ প্রেমেৰে আকোঁৱালি ধৰা হ’ল
আঃ কি প্রেম! কি প্রেম!
বলিয়া, আজি চৌদিশে তোৰ প্রেমৰ কোলাহল।

[আঃ পাহৰণি... 
এদিন যে লুইতৰ ঘাটলৈ আহিছিলি তই গান গাবলৈ
পাহৰিলোঁ তোক কেনেকৈ খেদা ধৰা হৈছিল
কুকুৰে কাঁইট নোখোৱা অৱস্থা কৰা হৈছিল কেনেকৈ
কল্পনাক - সেয়াও আজি পাহৰণিতে থাকিল]

No comments:

Post a Comment