Monday, July 15, 2013

ডিছপোজেবল্‌ সূর্য ৩



বেলিৰ য’তে ৰাতি ত’তে কাতি
আগতে আমাৰ ঘৰৰ বাঁহনিডৰাৰ সিপাৰে বুৰিছিল
তাৰ পিছত এদিন আজাৰ গছবোৰৰ সিপাৰে, এদিন গণেশ ঘাটত

এদিন বুঢ়াপাহাৰত, এদিন কোপাই তীৰৰ শালবনত
যেনেকৈ য’তেই পাৰে বেলিটো বুৰিবলৈ ল’লে
বিশ্বামিত্রীৰ মৰা সূতিতো বেলিটো এদিন বুৰিছিল

আজিকালি অৱশ্যে ক’ত বুৰে সঠিক ক’ব নোৱাৰিম
বহুদিন বেলি বুৰা দেখা নাই

No comments:

Post a Comment