কথাবোৰ জানিবা
ফটা জেপেদি সিকিটো সৰকি পৰাৰ দৰে
অথবা
আলহী ফুৰিবলৈ গৈ ৰুমালখন বা টুথব্রাছডাল এৰি অহাৰ দৰে
সেই যে ল’ৰাটো ক’ৰবালৈ গুছি গৈছিল
সি নাহিল যি নাহিলেই উভতি।
ঠিক কোন সময়ত, কোনটো বাটেদি সি গুছি গৈছিল?
কাৰ এনে মাত আছে যিয়ে তাক আনিব পাৰে মাতি?
সি য’তেই আছে, হয়তো ভালে আছে
হয়তো তাত জৰা নাই অনাহকত মানুহ মৰা নাই
হয়তো তাত কেতেকী ফুলে বাৰটা মাহে
বন্যাৰ তুমুল তাণ্ডৱ নাই নতুবা অনাবৃষ্টি খৰা নাই।
আমি পাহৰি থাকোঁ সি যে এদিন গুছি গৈছিল। অথবা এদিন আছিল।
দুদিন মাথোঁ অভিমান কৰিলোঁ, কোনেওতো তাক গুছি যা বুলি কোৱা
নাছিল।
কথাবোৰ জানিবা ফটা জেপেদি সিকিটো সৰকি পৰাৰ দৰে
আলহী ফুৰিবলৈ গৈ ৰুমালখন বা টুথব্রাছডাল এৰি অহাৰ দৰে
ময়ো দেখোন হেৰাই যাবলৈ বিচাৰিছিলোঁ
দুৰু দুৰু কঁপিছিল চকুৰ দুপতা
নিজৰ পৰা পলাই বাৰে বাৰে নিজতেই খুন্দা মাৰিছিলোঁ
হেৰাই যোৱাটো জানো ইমান সহজ কথা?
No comments:
Post a Comment