কিমানকৈ ক’লোঁ ক, মুখ খুলি ক
আজিয়েই ক এতিয়াই ক
একোৱেই নক’লি মুখ নুখুলিলি
কিনো মনে মনে ভাবি থাকিলি
একো যদি ক’বলৈ নাই, ব্যঞ্জনমালাৰ প্রথম বর্ণটোকে ক
উত্তৰটো দেখোন তেনেই সহজ আছিল, তাকো নক’লি। ক
বুকুৰ ভিতৰখন কিহে খাইছিল খুলি খুলি
কি কথাবোৰ ভিতৰতে আছিলি পাগুলি
ক
ক
কাণ উণাই থাকিলোঁহে থাকিলোঁ
ময়ো ভালপাইছিলোঁ, নুশুনিলোঁ
ইমান সৰু কথাটোকে ক’বলৈ মুখ নুখুলিলি একেবাৰে

No comments:
Post a Comment