(সুচিত্রা মিত্র সমীপেষু)
মই আপোনাৰ মাজত তেখেতক বিচাৰি পাওঁ
যেতিয়া মই আপোনাক ভালপাওঁ, আচলতে
মই কিন্তু আপোনাৰ মাজৰ তেখেতকেই ভালপাওঁ।
আপোনাৰ কণ্ঠৰ দৃঢ়তা কঁপে তেওঁৰ প্রার্থনাৰ কাৰুণ্যতে।
তেওঁ বা আকৌ কাক ভালপায়? নাজানোঁ একো।
কোন পুৰাতন প্রেমৰ কথা
বুকুৰ মাজত সাঁচি আমি জীয়াই থাকোঁ?
কাৰ সন্মুখত কৰোঁ জীৱন দানৰ প্রার্থনা?
কি কথা বুজি নাপাওঁ
(বুজিছিলোঁ জানো কাহানিবা?)
বাৰে বাৰে কিয় কওঁ
"তথাপি মনত ৰাখিবা"
No comments:
Post a Comment