Monday, July 15, 2013

ৰাতিৰ গছ


ৰাতিৰ গছবোৰত পোহৰ পৰিলেই
মনটো কেনেবা হৈ উঠে।
কিবা এটা যেন ঘটিব লাগিছে
ক’ৰ ৰাস, ক’ৰ থিয়েটাৰ...
কোনফালৰ পৰা আট্টহাস্য কৰি
পুতনা ৰাক্ষসী ওলাই আহিব
এতিয়াই...

মোৰে শপত ৰাতিৰ গছবোৰত পোহৰ নেপেলাবা
বাকী থকা গছবোৰকো বৰঞ্চ কাটি পালোৱা
শেষ বাকী ৰোৱা এজোপা গছেও মোৰ মন
বাৰে বাৰে কেনেবা কৰি তুলিব

১৩/১২/২০১২ (কোটা, ৰাজস্থান) 

No comments:

Post a Comment