মোকনো ক'ত বিচাৰি ফুৰিছ বাচা
মোকনো ক'ত বিচাৰি ফুৰিছ বাচা
মই যে তোৰেই
কাষতে।।
নাই তীৰ্থত, নাই মূৰ্তিত
নাই মই একান্ত
নিবাসতে।
নাই মন্দিৰত, নাই মছজিদত
নাই কাবা কৈলাশতে,
মই যে তোৰ কাষতে
বাচা
মই যে তোৰ কাষতে।।
নাই মই জপত, নাই মই তপত,
ব্ৰত উপবাসতো
মই নাই;
নাই মই কোনো
ক্ৰিয়া কৰ্মত-
যোগ সন্যাসতো
মই নাই।
নাই মই প্ৰাণত, নাই মই পিণ্ডত,
নাই ব্ৰহ্মাণ্ড
আকাশতো;
নাই মই প্ৰকৃতিৰ
প্ৰবৰ গুহাত
নাই শ্বাসত বা
নিশ্বাসতো।
বিচাৰিলেই
মই তুৰন্তে ধৰা দিওঁ
এক পলকৰ সন্ধানত,
কয় কবীৰে শুনা
ভাই সাধু
মই যে থাকোঁ
বিশ্বাসত।।

No comments:
Post a Comment