ৰাঞ্জাৰ
ঠাই
ৰাঞ্জাৰ
ঠাইলৈ ময়ো যাব খোজোঁ
মোৰ
লগত আহিব নে কোনোবা আৰু?
ভৰিত
ধৰিলোঁ, কাকূতি কৰিলোঁ
কাকো
নাপাই অকলেই ওলালোঁ বাৰু।।
গভীৰ
নৈ, খোজতে হেলেকা সেতু
বাঘে
আগুৰে একেখনি চৈ
কেঁচা
আঘাতত জৰ্জতিত দেহা
ওৰে
নিশা কেকাই মৰোঁ ঐ!!
শুনিছোঁ
মাথোঁ তেওঁৰে পঁজাত
আছে
মোৰ বাবে দৰৱ নিশ্চয়;
নিঃকিন
ফকীৰ হুছেইনে কয়
ঈশ্বৰে
যেন মোক মাতি পঠিয়ায়।।

No comments:
Post a Comment