Thursday, January 5, 2017

কবিতা মানুহৰ চৰম শত্ৰু [চনেট]

কবিতা মানুহৰ অভিশাপ। এই অভিশাপৰ বোজা লৈয়ে
কালাতিপাত কৰিব লাগিব মানুহে। শত্ৰুসম সহচৰ!  
নজিৰ আছেনে গঙাচিলনীৰ অপ্ৰয়োজনে বাক্যব্যয়ৰ? 
বাঘে কবিতা লিখেনে? লিখেনে হাতীয়ে অথবা জলহস্তীয়ে?
টু শব্দ নকৰাকৈ ইটে সিটে কথা পাতে ডাউক ডাউকীয়ে।
আপোন প্রজাতিৰ পৰা সংস্পর্শ ৰহিত এটা পৰিবেশৰ 
ডাঙৰ দীঘল হোৱা ইতৰ প্রাণীয়েও জানে জ্ঞাতব্য তাৰ।
মৈথুনৰ মর্ম কি। প্ৰেমাস্পদৰ আহ্বান আনে কোন ঋতুৱে।
সন্তান কেনেকৈ তুলিব লাগে। বান্ধিব লাগে বাহ কেনেকৈবা ।
যি এক পৰম প্ৰশান্তিত বহি থকা গৰুৱে ঘাঁহ পাগুলে 
তেনে তৃপ্তিৰে আওৰাব পাৰে জানোঁ মানুহে কোনোবা কবিতা?
কবিতা আছিল মানুহৰ প্ৰথমটো বিৰোধ বিশ্বধাতাৰে।  
অসহায়, অপাৰগ, ছিন্নমূল মানুহকহে লাগে কবিতা  
নহ'লে যে নোৱাৰে, মানুহে আৰু জীয়াই থাকিবই নোৱাৰে।

No comments:

Post a Comment