Sunday, January 29, 2017

#Alkhalla 19 কবীৰৰ কবিতা ০২

বোপাইৰ ঘৰ আৰু ভাল নালাগে...

বোপাইৰ ঘৰ আৰু ভাল নালাগে...

চেনাইৰ নগৰী পৰম অতি সুন্দৰ
কোনো নাহে, 'লৈ কোনো নাযায়
জোন বেলি একো নাই তাত, নাই বায়ু পানী
কোনে বা মোৰ বতৰা কঢ়িয়ায়
চেনাইকে গৈ মোৰ এই বেথা শুনায়... ?

বোপাইৰ ঘৰ আৰু ভাল নালাগে...

আগবাঢ়োঁ কেনেকে' বাট, নেদেখোঁ বাট সমুখত
এৰি অহা বাট কলঙ্কই ঢাকে;
মোৰে ধন সোণাই, শহুৰৰে ঘৰে কেনেকৈ যাওঁ
বিৰহৰ দহন ভিতৰি জ্বলে
বিষয় ৰসে কি যে নাচোন নাচে... !

বোপাইৰ ঘৰ আৰু ভাল নালাগে...

সতগুৰু বিনে কোনো আপোন জন মোৰ নাই
যিয়ে মোক এই বাটেটি চিনাব
কহয় কবীৰা, শুনা মোৰে সাধু ভাই
সপোনতে চেনাইধন আহিব
কলিজাৰ জীয়া জুই তেঁৱে নুমুৱাব...  

বোপাইৰ ঘৰ আৰু ভাল নালাগে...



No comments:

Post a Comment