Sunday, January 29, 2017

#Alkhalla 17 বুলে শ্বাহৰ কবিতা ০২

পঢ়িলাহে পঢ়িলা হেৰা কিতাপ হাজাৰ,  
নিজকে নিজেই পিছে নপঢ়িলা এবাৰ।   
মন্দিৰে মছজিদে ঢপলিয়াই ফুৰিলা,  
নিজৰে মাজলৈ যদি ভূমুকি নামাৰিলা,
চয়তানৰ বিৰুদ্ধে সমস্ত যুঁজ ভ্ৰম, 
শত্ৰু নিচিনি যি তোমাৰ নিজৰে অহম
বুলে শ্বাহ তুমি আকাশতো ভ্ৰমি ফুৰিলা 
নিজৰ ঘৰতে যি বহি আছে নিচিনিলা ।।

বাবা বুলে শ্বাহে কয়, 
প্ৰেমত খোজ পেলাবলে টান।
প্ৰেমাস্পদক আপোন কৰিবলে' টান।
জনে জনে যদিও প্ৰেমৰ কথা কয়
প্ৰেম পালন কৰি দেখুওৱাটোহে টান।
দুখতো হাঁহিব আটায়ে পাৰে, হয়,
বেদনাখিনি প্ৰকাশ কৰিবলৈহে টান।
কথাৰে তো নহয় জগতখন জয়,
যোগীৰ জীৱন পালিবলৈ টান।।
কোনেও নুশুনে কাৰোৱে কথাই,
লোকক বুজাবলৈকে টান।।

মছজিদ ভাঙিবি, মন্দিৰ ভাঙিবি,
ভাঙিবি যিহকে দেখ তাকেই
কিন্তু কৰোৰে হৃদয় নাভাঙিবি
ঈশ্বৰ বিৰাজে তাতেই।


No comments:

Post a Comment