সম্ভৱ ময়েই হৈ ৰ'লোঁ
একমাত্ৰ পুৰুষ শিল্পী পৃথিৱীৰ
যি নাৰীৰ ছবি আজিও
আঁকিব নোৱাৰিলোঁ। কিবা কেনা লাগে।
গছ ফুল পখিলা সকলোবোৰ
আঁকি যাব পাৰোঁ অনায়াসে।
চকুৰে দেখাবোৰ, লগতে
আঁকি গ’লোঁ চকুৰে নেদেখাবোৰ।
কিবা এটা আঁকিবলৈ
গৈ নাৰীয়ে উপমা হৈ আহি কিহবাৰ
ধৰা নিদিয়েহি মোৰ
তুলিকাত, কেনেবাকৈ অঁকায়ে হৈ নুঠে।
অগত্যা আঁকিবলগীয়া
যেতিয়া হৈছে, অতৃপ্তিয়ে আগুৰিছে,
বাৰে বাৰে দেখোঁ
আদবাটতে ৰৈছে পূৰ্ণতা সি নাৰীৰূপৰ।
কিহৰ শংকা, কিহৰ
দ্বিধা, কিহে এনেকৈ পিছলৈ টানি ধৰে
এনে বাৰু কি কাৰণ
আছে যে এক নাৰীৰূপ ধাৰণ মই
কৰিব নোৱাৰোঁ, কোনো
দিনে, সহজ অভ্যাসৰ ন্যস্ত হাতেৰে।
মাণিমুণি শাকেও যেতিয়া
ব্ৰহ্মাণ্ডৰ সুৰে মূৰ দুপিয়ায়
উন্মোচিত হৈ গৈ থাকে
বিশ্বৰ সমস্ত ৰহস্য অল্পবিস্তৰে
তেতিয়াও নাৰী মোৰ
বাবে অগোচৰ কৃষ্ণ গহ্বৰ হৈ ৰয় ।

No comments:
Post a Comment