Sunday, January 29, 2017

#Alkhalla 24 আমিৰ খুশ্ৰুৰ কবিতা ০২

জীয়াতু ভূগিছোঁ যি

জীয়াতু ভূগিছোঁ যি তাক নকৰা উলাই 
চকুৰে পচাৰি কথাটি ঘূৰাই পকাই।।  
সোণ, তিতিক্ষাৰ বান্ধ মোৰ গৈছে হেৰাই  
নোলোৱা কিয় তোমাৰ বুকুতে সুমুৱাই।।   
বিৰহ নিশাৰ কুন্তলে  অকাই পকাই  
জোকায়- মিলনৰ ক্ষণ থিতাতে ঢুকায়।।  
প্ৰিয়তমাক যদি মই দেখাকে নাপাওঁ    
এন্ধাৰ ঘন এই ৰাতি কেনেকৈ কটাওঁ।। 
পলকতে কৰি হেজাৰ কৌশল ছলনা
মোৰ মনৰ শান্তি হৰিলা মৃগ নয়না।।     
কোনে পতিয়াব বাৰু, কোনে বা গৈ শুনাব 
মৰমী প্ৰিয়াক মোৰ কথাখিনি গৈ ক'।।   
কঁম্পিত এটি মমৰ শিখাৰ দৰে জ্বলোঁ   
চঞ্চল আৰু উচ্ছল হৈ প্ৰেমাগ্নিতে দহোঁ।। 
দুচকুত অনিদ্ৰা, দেহাও উজান ভাটি 
তুমি বাৰু নাহিলা নাই, নিদিলা যে চিঠি।।   
তোমাক দেখা পোৱা দিনৰ স্মৃতিতে মৰোঁ 
সিদিনা যি মৰম দিছিলা, হায় ৰে খুশ্ৰু।।  
হৃদয়ৰ বাসনাক মই ঢাকিয়ে থওঁ   
তেওঁৰ ছলনাৰে যদি আকৌ ভেটা হওঁ।। 

*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত



No comments:

Post a Comment