যিয়ে মোক পৃথিৱীলৈ পঠালে
ওৰেটো দিন মই এই কথাই গুণা গঁঠা
কৰি ৰাতিলৈ কওঁ।
ক'ৰ পৰানো আহিলোঁ মই, মোৰ কৰণীয়ই বা কি?
একো উৱাদিহ নাপাওঁ ভাবি।
মোৰ আত্মা যে অন্য ক'ৰবাৰ পৰা অহা- ই কথাত ৰ'লোঁ
মাথোঁ নিশ্চিত,
আৰু তালৈকে গৈ শেষ হ'ব খোজোঁ এদিন।
অন্য কোনোবা ঘাটিত এই মাতলামীৰ সূত্ৰপাত ঘটে।
যেতিয়া সেই স্থানলৈ পুণৰাই যাওঁ
মই তেতিয়া একান্ত সংযত। তেনেকুৱাতেই
লাগিল এনে
মই যেন এক অন্য মহাদেশৰ চৰাই, পৰৰ চুবুৰিত আছোহি বহি,
সেই দিন অনাগত - যি দিনা মই উৰি গুছি যাম,
কিন্তু কোনে মোৰ কাণে কাণে কি কয়, কোনে শুনে মোৰ কন্ঠ?
মোৰেই মুখেৰে কথা কয় কোনে?
মোৰ দৃষ্টিৰে কোনে চাব খোজে? আত্মা বা কি? মই নুসুধি নোৱাৰোঁ প্ৰশ্ন।
সমিধানৰ বিন্দুমাত্ৰৰো যদি স্বাদ ল'ব পাৰিলোঁহেতেন
মাতালবোৰৰ এই কাৰাগাৰ মই ভাঙি খুলি দিব পাৰিলোঁহেতেন।
মোৰ নিজৰ ইচ্ছাৰে মই ইয়ালৈ অহা নাই, আৰু নোৱাৰো মই নিজৰ ইচ্ছাৰে কৰিব প্ৰস্থান।
যিয়েই মোক ইয়ালৈ আনিছে তেওঁৱেই মোক ঘৰলৈ ওভোটাই নিব লাগিব।
এই যে কবিতা! মই কাহানিও নাজানিলোঁ- কি ক'ব খুজিছিলোঁ মই।
খছৰা মই নকৰোঁ।
এই কথা কোৱাৰ অজুহাত নাথাকিলে
মই একেবাৰে মনে মনেই থাকোঁ, কোনো কথাই নকওঁ।

No comments:
Post a Comment