হেৰাই যাব খুজিলেও হেৰাব নোৱাৰোঁ সতকায়।
অ' মোৰ দেশ, অ' মোৰ সময়! ওৰে দিন,
ওৰে নিশাই
প্ৰতিনিয়ত শেনচকুৰে কোনোবাই নতু কোনোবাই
মোলৈ চাই আছে অহৰহ। অ' নজৰবন্দী সময়!
সময়ে অসময়ে অপ্ৰত্যাশিত ফোন আহে ঘনায়-
তেওঁলোকে হেনো মোৰ জীৱনটো সজাই তুলিব
খোজে।
মোৰ জীৱনৰ হিচাপ নিকাচ সিহঁতে ৰাখিব
খোজে;
দিবখোজে মোক নিৰপত্তা মোৰ ইচ্ছায় অনিচ্ছায়।
অ' মোৰ বেপন্ত দেশ, দেশান্তৰিত সময়!
যদিহে কেতিয়াবা মই হেৰাই যাওঁ
সিহঁতৰ কাৰচাজীৰ মাজত কেনেবাকৈ-
তেতিয়া কিন্তু জানো মই, বিচাৰিলেও
নিজকে আকৌ এবাৰ নিজলৈকে ওভোটাই

No comments:
Post a Comment