প্ৰেম নদী
প্ৰেম নদী বয়, খুশ্রু, ওলোটা গতি তাৰ
যি জপিয়ালে সি
বুৰিলে, বুৰাজনে পালে পাৰ।।
চকুতে চকু থৈ
চিন মোকাম সকলো
হৰিলা মোৰ চকুতে চকু থৈ
প্ৰেম মধুশালাৰ
মদিৰা পান কৰাই...
মতলীয়া কৰিলা
মোক মোৰ চকুতে চকু থৈ।
বগা বগা হাত
মোৰ, তাতে সেউজীয়া খাৰুবোৰ-
বাহুতে ধৰিলা
মোৰ চকুতে চকু থৈ।
তোমাতে মই জীৱন
দিলোঁ, অ' ৰঙৰ খনিকৰ
নিজ-ৰঙে বোলালা মোকো মোৰ চকুতে চকু থৈ।
খুশ্ৰুৱে (হজৰত) নিজামকে ওৰেটো জীৱন অৰ্পন কৰে
মোক তোমাৰ দুহিতা
কৰিলা মোৰ চকুতে চকু থৈ...
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত

No comments:
Post a Comment