Sunday, January 29, 2017

#Alkhalla 21 কবীৰৰ কবিতা ০৪

সাধু হে এয়া মৰাৰ গাঁও

সাধু হে এয়া মৰাৰ গাঁও।  
পীৰ মৰিল পয়গম্বৰ মৰিল
মৰিল জীয়া যোগী, 
ৰজা মৰিল প্ৰজা মৰিল
মৰিল বৈদ্য, ৰোগী
চন্দ্ৰও মৰে সূৰ্যও মৰে
মৰে ধৰণী আকাশ,
চৈধ্য ভূৱনৰ চৌধুৰী মৰে
কিহত কৰি আশ?
ন মৰিব দহ মৰিব  
সহজে মৰে আঠাশী;  
তেত্ৰিশ কোটি দেৱতা মৰিব  
বিৰাট কালৰ বাজী
অনামৰ নাম আনন্ত থাকিল
দ্বিতীয় তত্ব একো নাপাওঁ
কহয় কবীৰে শুনা ভাই সাধু
ঘুর্মুটিয়াই নমৰিবা কেও।।





No comments:

Post a Comment