বিচনাখনত খেপিয়াই
থাকোঁ, বিচনাখন বহল হৈ গৈ থাকে।
বিচনাখন বহল হৈ হৈ
গৈয়ে থাকে।
দেখা মানুহে কোৱা
শুনিছোঁ ৰাতি শোওতে হেনো মোৰ হাত দুখনে
শূণ্যলৈ বুলি আঙুলি
টোঁৱাই থাকে।
ফুল দেখিলে কালৈকো
মনত নপৰে। আকাশ, সাগৰ একোৱে যে
মনলৈ ননা হ’ল আৰু
কাৰো কথাকে।
নদীতীৰত খন্তেক থিয়
হ’লে হাতৰ আঙুলিবোৰে বতাহতে
কিবা এটা যেন লিৰিকি
বিদাৰি থাকে।
ভূতলৈ ভয় নালাগে,
পাকঘৰত পঁইতাচোৰা দেখি ঘিণ নালাগে।
ভোক লাগে সময় মতে,
টোপনি ভাল হয়। বুকু জ্বলা পোৰা নকৰে।
সকলো ফালৰে পৰাই
মই এজন নৰ্মেল মানুহ সম্পুৰ্ণৰূপে।
চাকৰী কৰোঁ, নিয়মীয়াকৈ
যোগাযোগ ৰাখোঁ পৰিয়াল বৰ্গৰ সৈতে;
বজাৰ সমাৰ কৰোঁ।
এনেকৈ স্বাভাৱিক ভাবে মোৰ দিনবোৰ কাটে।
মাজে মাজে মাথোঁ
এই স্বাভাৱিকতা অলপ অস্বাভাৱিক যেন লাগে।

No comments:
Post a Comment