Sunday, January 29, 2017

#Alkhalla 22 কবীৰৰ দোহা

ভালেই হ'ল দে মোৰ লোটাটো ভাগিল
নিতে নিতে পানী অনাৰ লেঠাটো ছিগিল।।

ইমানখিনি দিয়া ঈশ্বৰ য'ত কুতুমৰ সমস্ত সোমায় 
ময়ো লঘোনে নাথাকো আৰু সাধুজনো বিনা অপ্যায়নে নাযায়।।

কিটোনো হ'ল, খেজুৰৰে গছ, হ'লেই বা ডাঙৰ দীঘল
পখীকো নিদিয়ে ছাঁ, হাতে পোৱাতে নেলাগিল ফল।।  

ধীৰে ধীৰে হে মন, সকলো ঘটে ধীৰে
এশবাৰ দিয়ক মালীয়ে পানী, ঋতুতহে ফল ধৰে।

বীৰাই দিয়ে বজাৰত পৰ, হাতৰ জ্বলন্ত জোৰ;
জ্বলাই পোৰে যি আপোনাৰ ঘৰ, সি সঙ্গে আহক মোৰ।।

বীৰাই দিয়ে বজাৰত পৰ, সবাৰো হওক ভাল;
কাৰো সঙ্গে মিত্ৰতা নাই, নাই কোনো খৰিয়াল।।

তেল নিহিত তিলতে থাকে, টিঙিৰি শিলতে জুই,
তোৰ মাজতেই চেতনা আছে, উঠ' যদি সাৰ পাই।।

ভীক্ষা মাগন মৰণ সমান, কদাপি নেমাগিবা ভিক্ষা,  
ভীক্ষাৰি হোৱাতকৈ মৰায়েই ভাল, সৎগুৰুৰ এয়ে শিক্ষা।।  


মায়াও নমৰিল, মনো নমৰিল, মৰি মৰি গ'ল শৰীৰ
,  
আশা তৃষ্ণা একো নমৰিল, কৈ গ'ল দাস কবীৰ।।

১০
মাহ পিছা জাত ঘূৰে দেখি কান্দে কবীৰে,
দুচটা শিলৰ মাজে গোটে গোটে কোনো নাবাচে।।

১১
বেয়া নো বুলিম কাক, বেয়া নেদেখিলোঁ কাকো
নিজৰে মনলে ভূমুকিয়াই দেখোঁ, মোতকৈ বেয়া নাই কোনো।।

১২
কাইলৈ কৰ যি আজিয়েই কৰ, আজিৰটো এতিয়াই,
পলকতে ভাই প্ৰলয় হ'লে, কৰিবি কেতিয়া তই।।

১৩
এনে মাত কথা বুলিবা য'ত অহংকাৰ লোপ পায়
নিজৰে মন শাঁত পৰি যায় আৰু আনেও শুনি ভাল পায়।

১৪
নুসুধিবা সাধুৰ জাতি পৰিচয়, ল'বা মাথোঁ জ্ঞানভাগ
মোল ৰাখিবা হেংদাং খনৰ, পৰি থাওক তাৰ খাপ।।


*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত


No comments:

Post a Comment