বেমাৰ
মোৰ দুখ আৰু নিঃসঙ্গতাৰ উৎস আছে মোৰ হৃদয় গহণত।
কোনো কবীৰাজৰ ওচৰতে ইয়াৰ নিৰাময় নাই।
নিৰাময় আছে মাথোঁ মোৰ সখীৰ স'তে মিলনত।
হৃদয়ৰ
সঙ্গী
তোমাক মোৰ হৃদয়ৰ সঙ্গী কৰি ল'লোঁ।
কিন্তু মোৰ এই শৰীৰ সেই সকলে পায় যিয়ে কামনা কৰে ইটি।
মোৰ এই শৰীৰ সেই অতিথিসকলৰ প্ৰতি সুহৃদ, সঁচা;
কিন্তু মোৰ হৃদয়ৰ প্ৰেমিক যি তুমি মোৰ আত্মাৰো অতিথি।
হৃদয়ৰ দ্বাৰপালিকা
দ্বাৰপালিকাৰ বৃত্তিত মই সিদ্ধহস্ত হ'ম, সেয়েই কাৰণ,
মোৰ ভিতৰত যি আছে তাক বাজলৈ নিদিওঁ উলিয়াই,
বাহিৰত থকাজনৰ প্ৰতি প্ৰবেশত মোৰ একান্ত হাক বচন,
কোনোবা সোমাই আহিলেও সি থিতাতে বাজ হয় দুনাই,
তাৰ স'তে মোৰ কোনো সম্পৰ্ক হ'ব নোৱাৰে একেবাৰেই
মই হৃদয়ৰ দ্বাৰপালিকা, বোকামাটিৰ লদা এটা নহয়।
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত

No comments:
Post a Comment