চাদৰ
নিপুণ হাতৰ নিমজ
চাদৰখনি
কেনে তাৰ দীঘ
কেনে তাৰ বাণি
কি যে চিকুণ
সূতলাহি, কেনে নিপুণ হাতৰ তাঁতী!
ঘূৰে অষ্টকলমদল
যঁতৰ
পঞ্চ তত্বৰ লেটাৰে
সূতা, বয়ন চলে তিনি গুণৰ নাচনীৰ,
দহ মাহ সময় লাগে
তেওঁক কাটি উলিয়াবলৈ
খুপি খুপি যতনোৱা
কৌশলী বয়ন তাঁতীৰ
সুৰ, নৰ, মুণি - গাত ল'লে সকলোৱে
লৈ ময়লা কৰিলে
চাদৰখনি সৱে
দাস কবীৰে যতনাই
ল'লে
আৰু যেনে আছিল
তেনে
যতনাই ওভটাই
দিলে

No comments:
Post a Comment