তোমাক মই মৰম কৰোঁ
নৰকৰ ভয়তহে যদি তোমাক মই মৰম কৰোঁ
নৰকতে মোক পুৰি মাৰিবা।
স্বর্গৰ বাসনাত যদি মই তোমাক মৰম কৰোঁ
ৰুদ্ধ কৰি থ'বা মোৰ বাবে স্বৰ্গৰ দুৱাৰ।
কিন্তু তোমাক যদি মই ভালপাওঁ মাথোঁ
তোমাৰে বাবেই
তোমাৰ অসীম সৌন্দৰ্যৰ পৰা মোক বঞ্চিত
নকৰিবা দেই।
প্ৰেম
দুটি প্ৰেমেৰে তোমাক ভালপালোঁ-
আপোন স্বাৰ্থ নিমজ্জিত এটি প্ৰেম,
আৰু আনটি তোমাৰ স্বাৰ্থত।
যিটি মোৰ স্বাৰ্থজড়িত,
সেইটিত মই মোক পূৰ্ণ কৰি থওঁ তোমাৰে,
বাকী সকলো অস্তিত্বকে বহিষ্কাৰ কৰি।
কিন্তু যিটি প্ৰেম তোমাৰ নামত সমৰ্পিত
সিয়ে আৱৰণ গুছায়, যাতে তোমাক মই দেখা পাওঁ।
এইটিতে কিম্বা সেইটিতে হওক, নাই আত্মপ্ৰশস্তি মোৰ
মাথোঁ প্ৰশস্তি তোমাৰ আৰু তোমাৰ।
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত

No comments:
Post a Comment