এটি সুখৰ মুহূৰ্ত
তুমি আৰু মই বহি আছোঁ বাৰন্দাত,
দেখাত দুই, পিছে আত্মিক ভাবে এক, তুমি আৰু মই।
প্ৰবাহিত জীৱন সলিল অনুভৱ কৰিছোঁ এইখিনিতে,
বাগিছাৰ সৌন্দৰ্য আৰু পখীৰ গানেৰে সৈতে
তুমি আৰু মই।
তৰাবোৰে আমালৈ চাই আছে,
আৰু আমি সিহঁতক দেখুৱাম আজি
শীৰ্ণ এটা বেঁকা জোন হৈ কেনে লাগে।
তুমি আৰু মই, নিজকে হেৰুৱাই, একেলগে ৰ'ম,
অসাৰ গুজৱ যত কাষৰি কাটি থৈ, তুমি আৰু মই।
অময়াপুৰীৰ গলমণিকাই খায় মিঠা কুঁহিয়াৰৰ ৰস
যেতিয়াই আমি একেলগে হাঁহোঁ, তুমি আৰু মই।
এই ধৰাত এটি ৰূপ হৈ, তুমি আৰু মই,
আন এটি ৰূপ হৈ অনন্তৰ পথাৰত।

No comments:
Post a Comment