Sunday, January 29, 2017

#Alkhalla 11 ৰুমি (জালাল উদ্দিন মুহাম্মদ ৰুমি)-ৰ কবিতা ০৬

এটি সুখৰ মুহূৰ্ত

তুমি আৰু মই বহি আছোঁ বাৰন্দাত,
দেখাত দুই, পিছে আত্মিক ভাবে এক, তুমি আৰু মই।
প্ৰবাহিত জীন সলিল অনুভ কৰিছোঁ এইখিনিতে,
বাগিছাৰ সৌন্দৰ্য আৰু পখীৰ গানেৰে সৈতে
তুমি আৰু মই।  
তৰাবোৰে আমালৈ চাই আছে,
আৰু আমি সিহঁতক দেখুৱা আজি
শীৰ্ণ এটা বেঁকা জোন হৈ কেনে লাগে।
তুমি আৰু মই, নিজকে হেৰুৱাই, একেলগে ৰ'ম,
সাৰ গুজ যত কাষৰি কাটি থৈ, তুমি আৰু মই।
অময়াপুৰীৰ গলমণিকাই খায় মিঠা কুঁহিয়াৰৰ ৰস
যেতিয়াই আমি একেলগে হাঁহোঁ, তুমি আৰু মই।

এই ধৰাত এটি ৰূপ হৈ, তুমি আৰু মই, 
আন এটি ৰূপ হৈ অনন্তৰ পথাৰত। 



No comments:

Post a Comment