Sunday, January 29, 2017

#Alkhalla 16 বুলে শ্বাহৰ কবিতা ০১

নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল...

সজ কথাটি ক'লে লেঠা লগাৰ ভয় 
আসৈ বচনৰ বাটো ক্ষণিক দেখিলোঁ  
সত্য অসত্য মোৰ যে দুয়োলৈকে ভয়,   
যেন এৰাধৰা কৰি চাৰেঘাৰে চলোঁ  

নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল...

যিয়েই বা বুজে ভাই এই মৰ্মভাগ-   
আপোন গহণে ভুমুকি মাৰি চাওক  
শান্তিৰ মণিকোঠাত তেওঁ কৰে বাস;    
নাই বেমেজালি নাই বিধিৰ বিপাক    

নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল...

সুচল বুলিলেও পিছে পিছল ঘাট  
এন্ধাৰে এন্ধাৰে বুলোঁ সাধানী বাট  
নিজকে চোৱাচোঁ খুলি মনৰ কপাট;   
বৃথা সন্ধান এরা অন্য ক'ৰবাত  

নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল...

কিনো কওঁ সি মোহন ৰূপৰ নিৰ্যাস;  
য'লৈ আছে আমাৰ সবাৰে হাবিয়াস।  
আমি দেখা সমস্ততে ঈশ্বৰৰ বাস;   
মোৰ মাজে তেৰা, তোমাতো কৰে বিৰাজ  

নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল...

বুলেই কয়, গুৰু মোৰ বেছি দূৰত নাই,   
তেওঁৰ বিনে একো হ'ব নোৱাৰে হায়   
মোৰ দুচকুৱে যে তেওঁক দেখাকে নেপায়-   
মোৰ যাতনাৰ উৎস তাতেইহে ভাই!!    


নুবুলি নোৱাৰিলোঁ কথা, যি মনলৈ আহিল... 


No comments:

Post a Comment