পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই
পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই
পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই
এই দেশে যি পাপ গণ্য
অন্য দেশে পূণ্য সেয়েই।।
তিব্বত নিয়ম অনুসাৰে, এক নাৰী বহু পতি ধৰে
এই দেশে সেয়া হ'লে পিছে
ব্যভিচাৰী দণ্ড হয়েই।।
গাহৰি গৰু দুটি পশু, খাবলৈ কৈ গৈছে যিশু
তেনে কিয় মুছলমান হিন্দুৱে কৰে
পৰস্পৰক লেই লেই ছেই ছেই।।
দেশ সমস্যা অনুসাৰে, ভিন্ন বিধান হ'বও পাৰে
সূক্ষ্মজ্ঞানৰ বিচাৰ কৰিলে
পাপ পূণ্যৰ আৰু ঠাই নায়েই।।
পাপ হ'লে আহোঁ ভবে, স্বৰ্গবাসী হওঁ পূণ্য হ'লে
লালনে কয় নাম উৰ্বশী
নিত্য নিত্য দেখোন প্ৰমাণ পাওঁৱেই।।

No comments:
Post a Comment