Sunday, January 29, 2017

#Alkhalla 10 ৰুমি (জালাল উদ্দিন মুহাম্মদ ৰুমি)-ৰ কবিতা ০৫

ৰুবায়ত 
মানুহে বোলা বাট চমুৱাই আনে সময়ে;
এই অবোধ ভেড়াবোৰ মাৰিবলৈ মৃত্যুৰ কুকুৰনেচীয়া তেনেই ওচৰ।
চোৱাচোন কেনে অহংকাৰেৰে সিঁহত আগবাঢ়ে উচ্চশীৰে
মৃত্যুশয্যাশায়ী কৰি নিদিয়ালৈকে অকস্মাৎ চাবুকাঘাতে নিয়তিৰ...


শিল হৈ মৰি মই 
শিল হৈ মৰি মই গছ হৈ জন্মিলোঁ দুনাই
গছ হৈ মৰি ময়েই সেই- পশু হৈ জন্মিলোঁ যি;   
পশু হৈ মৰি মই জনম ল'লো মনুষ্যৰ পুণাই
ভয় কৰোঁ কিয়? মৃত্যুৰে মই হেৰুৱালোঁ নো কি? 


জীনকাল 
প্ৰভূৰ দৰ্শন ৰহিত যি কোনো জীনকাল এটি
হয় ছদ্মবেশী মৃত্যুসম, কিম্বা গভীৰ প্ৰসুপ্তি।
যি জলে তোমাক দুষিত কৰে সি গৰল,
যি গৰলে তোমাক শুদ্ধ কৰে, সি জল।


No comments:

Post a Comment