প্ৰকৃত লক্ষ্য
এহাতে জোৰ আৰু আনহাতে
এবাল্টি পানী লওঁ মই।
এই দুপদ বস্তুৰে মই স্বৰ্গত জুই দিম
আৰু নৰকৰ নুমুৱাম জুই।
যাতে ভগৱানৰ উন্মুখ পৰিব্ৰাজকবৃন্দই
প্ৰত্যক্ষ কৰিব পাৰে প্ৰকৃত লক্ষ্য আৱৰণ গুছাই।
.
বাস্তৱ
ভালপোৱাত হৃদয় আৰু হৃদয়ৰ মাজত আন একো নাই
সত্যাস্বাদনৰ বৰ্ণনাৰ
হেপাঁহতে
কথাখিনি ওলায়।
যিয়ে স্বাদ লয়, সি হে জানে
যিয়ে মুখেৰে কয়, আসৈ মাতে।
যাৰ বৰ্তমানত তুমি বিগলিত হৈ নোহোৱা হৈ
যোৱা
কেনেকৈ তুমি তাৰ আচল ৰূপৰ বৰ্ণনা কৰিব পাৰা
আৰু যাৰ মাজত তুমি নেথাকিও থাকা
আৰু যি তোমাৰ মাথোঁ
দিক্দর্শক?
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত

No comments:
Post a Comment